top of page
Search
Writer's picturePankaj Kalita

চেনীৰ এক প্ৰাকৃতিক বিকল্প- ষ্টেভিয়া / Stevia


ড৹ হৰি শংকৰ কাকতী

অৱসৰ প্ৰাপ্ত সহযোগী অধ্যাপক

দ: কা: মহাবিদ্যালয়, মিৰ্জা

ফোন নং- ৯৪৩৫১৪১৭২১

ষ্টেভিয়া (Stevia) যাক Candy leaf), মিঠাপাত বা মিঠা তুলসী বুলিও কোৱা হয়, আজিকালি চেনীৰ এক প্ৰাকৃতিক বিকল্প হিচাপে সমগ্ৰ বিশ্বতে চিহ্নিত হৈছে। ইয়াৰ বৈজ্ঞানিক নাম হ’ল ষ্টেভিয়া ৰেবাউডিয়ানা (Stevia Rebaudiana)। ই সুৰ্য্যমুখী (এষ্টেৰেচি- Asteraceae) পৰিয়ালৰ ষ্টেভিয়া প্ৰজাতিৰ এটি উদ্ভিদ। এই উদ্ভিদটো দক্ষিণ আমেৰিকাৰ ব্ৰাজিল, পাৰাগুৱে, কলম্বিয়া আৰু ভেনেজুৱালাৰ গুৱাৰানী (Guarani) লোক সকলে ১৫০০ বছৰৰো অধিক কাল ধৰি ব্যৱহাৰ কৰি আহিছে, যিয়ে ইয়াক ka`a he`a (মিঠা ভেষজ) বুলি অভিহিত কৰিছিল। স্থানীয় চাহ, পানীয় আৰু কিছুমান ঔষধ মিঠা কৰিবলৈ লগতে মিঠা আহাৰ হিচাপে ব্ৰাজিল আৰু পাৰাগুৱেৰ লোকসকলে পৰম্পৰাগত ভাবে ইয়াৰ পাতবোৰ ব্যৱহাৰ কৰি আহিছে। স্পেনিছ উদ্ভিদ বিজ্ঞানী আৰু চিকিৎসক পেদ্ৰো জেইম্ এষ্টিভ্ ( Pedro Jaime Esteve- 1500-1556) এ ইয়াৰ ওপৰত প্ৰথমে কৰা গৱেষণাৰ বাবে তেওঁৰ নামেৰে এই উদ্ভিদ বিধৰ নাম ষ্টেভিয়া দিয়া হৈছিল। ১৮৯৯ চনত উদ্ভিদ বিজ্ঞানী মইচেছ্ ছান্টিয়েগ’ বাৰ্টনি ( Moises Santiago Bertoni) য়ে প্ৰথমে উদ্ভিদটো পূব পাৰাগুৱেত বৃদ্ধি হোৱা বুলি বৰ্ণনা কৰে আৰু তাত গৱেষণা চলাই থকা সময়তে প্ৰথমে ইয়াৰ মিঠা সোৱাদৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে। তেওঁৰ এই স্বীকৃতিৰ পিছতেই গোটেই বিশ্বৰ জনসাধাৰণে ইয়াৰ অৱস্হিতি আৰু গুণাগুণৰ বিষয়ে সম্যক জ্ঞান লভিবলৈ সক্ষম হয়। কেৱল সীমিত গৱেষণাৰ বাবে ১৯৩১ চনৰ আগলৈকে ইয়াত থকা ৰাসায়নিক উপাদান সমূহ চিনাক্ত কৰিব পৰা নগৈছিল। ১৯৩১ চনত দুজন ফৰাচী ৰসায়নবিদ এম ব্ৰাইডেল (M Bridel) আৰু আৰ লাভিয়েল (R Lavielle) এ ইয়াত থকা দুবিধ মিঠা জাতীয় পদাৰ্থ ষ্টেভিয়ল গ্লাইকছাইড্ (Steviol Glycoside), মুখ্যতঃ – ষ্টেভিঅ’চাইড্ (Stevioside) আৰু ৰেবাউডিঅ’চাইড্ (Rebaudioside) চিনাক্ত কৰি পৃথক কৰে, য’ত চেনীতকৈ ২০০-৩০০ গুণ মিঠা বুলি প্ৰমানিত হয়। ষ্টেভিয়াৰ পাতত ৯.১% ষ্টেভিঅ’চাইড্ আৰু ৩.৮% ৰেবাউডিঅ’চাইড্ থাকে।

আমেৰিকান হাৰ্ট এছচিয়েছন (AHA) পৰামৰ্শ অনুসৰি এজন পুৰুষৰ বাবে দৈনিক প্ৰায় ৯ চাহ চামুচ বা ৩৬ গ্ৰাম (১৫০ কেলৰি) আৰু এজনী মহিলাৰ বাবে দৈনিক প্ৰায় ৬ চাহ চামুচ ২৪ গ্ৰাম (১০০ কেলৰি) চেনী খোৱাটো নিৰাপদ। অৱশ্যে ইয়াত প্ৰাকৃতিক ফল-মূল, পাচলি আৰু অন্যান্য খাদ্যবস্তুৰ পৰা পোৱা চেনীৰ কথা ধৰা হোৱা নাই। প্ৰাকৃতিক ভাবে পোৱা খাদ্য বস্তু সমূহত পানী, আহ আৰু বিভিন্ন মাইক্ৰনিউট্ৰিয়েন্ট থাকে। ইয়াত থকা চেনীয়ে দেহৰ সিমান ক্ষতি নকৰে। কিন্তু অতিৰিক্ত পৰিমাণৰ চেনী গ্ৰহণ কৰাৰ ফলত আমাৰ দেহে কোনো পুষ্টিৰ প্ৰয়োজনীয়তা বা লাভালাভ অনুভৱ নকৰে। বৰঞ্চ ই মধুমেহ, হৃদৰোগ, দেহৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হোৱা, দন্তক্ষয়, অকাল বাৰ্দ্ধক্য, ওজন বৃদ্ধি, কৰ্কট ৰোগ, হতাশা, আলঝেইমাৰ ৰোগ, যকৃতৰ ৰোগ, বৃক্কৰ ৰোগ, হাতৰ গাঠিৰ ৰোগ, কৰ্কট ৰোগ, হাড়ৰ গাঠিৰ ৰোগ, ডিমেনচিয়া আদি নানান সমস্যাৰহে সৃষ্টি কৰে। গতিকে চেনীৰ বিকল্প হিচাপে, বিশেষকৈ মধুমেহ ৰোগীৰ বাবে কৃত্ৰিম মিঠা (Artificial Sweetener) ৰ প্ৰচলন আৰম্ভ হ’ল, যিয়ে কোনো কেলৰি বা চেনী অবিহনে মিঠা সোৱাদ সৃষ্টি কৰে। এই কৃত্ৰিম মিঠাবোৰ চেনীতকৈ ২০০ৰ পৰা ৬০০ গুন পৰ্যন্ত মিঠা। ইয়াৰ বেছিভাগেই পৰীক্ষাগাৰত ৰাসায়নিক প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয়। বিভিন্ন কৃত্ৰিম মিঠা পদাৰ্থ বোৰ হ’ল- ছেকাৰিন (Saccharin), এচপাৰটেম্ (Aspartame), চুক্ৰালজ্ (Sucralose), নিঅ’টেম্ (Neotame), এচিচুলফেম্ পটাছিয়াম (Acesulfame Potassium), চাইক্লামেট্ (Cyclamate) আদি। সচৰাচৰ ব্যৱহৃত বিধ হ’ল এচপাৰটেম্। ইয়াৰ বাহিৰেও আন কৃত্ৰিম মিঠা হ’ল- চেনী এলকহল জাতীয়। যেনে- এৰিথ্ৰল (Erithrol), জাইলিটল (Xylitol) আৰু চৰবিটল্ (Sorbitol)। কিন্তু এইবোৰৰ ওপৰত চলোৱা বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে ইহঁতবোৰ চেনীতকৈও ক্ষতিকাৰক। এইবোৰৰ ব্যৱহাৰৰ ফলত আমাৰ স্বাস্থ্যৰ ওপৰত বিভিন্ন নেতিবাচক প্ৰভাৱ পৰে। যেনে- মূৰৰ বিষ, হতাশা, কৰ্কট ৰোগৰ সৃষ্টি, ভোকবৃদ্ধিৰ ফলত ওজন বৃদ্ধি, ডায়েৰীয়া, যকৃতৰ অসুখ, হাইপথাইৰয়ডিজিম্, বৃক্কৰ সমস্যা, স্নায়ুৰ ক্ষতিসাধন, হাওঁফাওঁৰ অসুখ ইত্যাদি।

গতিকে দেখা গ’ল যে চেনী বা কৃত্ৰিম মিঠা কোনোটোৱেই আমাৰ স্বাস্থ্যৰ বাবে সুবিধা জনক নহয়, বিশেষকৈ মধুমেহ ৰোগী ক্ষেত্ৰত। একমাত্ৰ বিকল্প হিচাপে এই ষ্টভিয়া গোটেই বিশ্বজুৰি সমাদৃত হৈছে, যদিও ইয়াৰ গৱেষণা এতিয়াও চলি আছে। WHO ৰ দ্বাৰা অনুমোদিত চেনীৰ এক প্ৰাকৃতিক বিকল্প হ’ল এই ষ্টেভিয়া, যাক শিশু, বৃদ্ধ, ৰোগী আৰু সকলো বয়সৰ পুৰুষ মহিলাই বিশেষ একো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ গ্ৰহন কৰিব পাৰে। ভিটামিন-এ, ভিটামিন-চি, আইৰন, মেংগানিজ, কেলছিয়াম, ক্ৰমিয়াম, ছডিয়াম, জিংক, কেফেইক এছিড আৰু নানান ঔষধি গুনেৰে সমৃদ্ধ এই ষ্টভিয়াত কোনো খাদ্য হানিকাৰক পদাৰ্থ নাথাকে। ইয়াৰ উপৰিও ইয়াত কেলৰি, কাৰ্বহাইদ্ৰেট্ আৰু কলেষ্টৰলৰ পৰিমান শূণ্য। Joint FAO/WHO Expert Committee on Food Additives বা চমুকৈ JECFA ৰ অনুমোদনৰ ওপৰত ভিত্তি কৰি এজন সুস্থ মানুহৰ বাবে দৈনিক ষ্টেভিঅ’ল গ্লাইক’ছাইডৰ সুৰক্ষিত ব্যৱহাৰ হ’ল তেওঁৰ শৰীৰৰ প্ৰতি কি:গ্ৰা: ওজনৰ বিপৰীতে ৪ মি:গ্ৰা: কৰাটো, যিটো WHO ৰ দ্বাৰাইও অনুমোদিত। ইউৰোপীয় দেশ সমূহত ইয়াক খাদ্যত ব্যৱহাৰৰ বাবে ২০১১ চনতে ইউৰোপীয় আয়োগেও সন্মত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰতো ষ্টেভিঅ’ল গ্লাইকছাইডক চেনীৰ পৰিপূৰক হিচাপে স্বীকৃতি দিছে।

উন্নত দেশবোৰত বহু আগৰে পৰাই এই ষ্টভিয়া সমাদৃত হৈ আহিছে। যদিও ইয়াৰ উৎপত্তি স্হল দক্ষিণ আমেৰিকা, তথাপি ইয়াৰ অধিক ব্যৱহাৰ দেখা যায় জাপানত। ১৯৭০ চনৰ পৰাই জাপানত ষ্টেভিয়াৰ খেতি কৰা হৈছিল। প্ৰথম বানিজ্যিক ষ্টেভিয়া প্ৰস্তুত কৰিছিল জাপানৰ Morita Kagaku Kgyo Co. Ltd. নামৰ কোম্পানীটোৱে ১৯৭১ চনত। ২০০৬ চনৰ পৰা জাপানে আন যিকোনো দেশৰ তুলনাত অধিক ষ্টেভিয়া ব্যৱহাৰ কৰাৰ তথ্য পোৱা গৈছে। ব্যৱহাৰিক ক্ষেত্ৰত শীৰ্ষ স্হান দখল কৰা জাপানে বিভিন্ন খাদ্য সামগ্ৰী আৰু শীতল পানীয় সমূহত (কোকা কোলা সহ) অকল ষ্টভিয়াহে ব্যৱহাৰ কৰা দেখা গৈছে। ভাৰতবৰ্ষত ২০১৫ চনৰ নৱেম্বৰ মাহৰ পৰাহে খাদ্যত ইয়াৰ প্ৰয়োগ আৰম্ভ হৈছে। উচ্চ উষ্ণতাত, প্ৰায় ২০০° ছে:তো ইয়াৰ গুণগত মান বিনষ্ট নহয়, সেয়েহে ইয়াক চাহ, কফি পায়স আদি প্ৰস্তুত কৰোতে উতলাই লব পাৰি। তাৰোপৰি ইয়াৰ কিন্বনো (Fermentation) নহয়। এন্টি বেকটেৰিয়েল, এন্টি ফাংগেল, এন্টি ভাইৰেল গুনসম্পন্ন এই ষ্টেভিয়াৰ উপকাৰীতা বহুত। তেজত চেনীৰ পৰিমাণ হ্ৰাস কৰা, উচ্চ ৰক্তচাপ কমোৱা, বদহজমি দূৰ কৰা, শৰীৰৰ ওজন কমোৱা, হাড় শক্তিশালী কৰা, দন্তক্ষয় ৰোধ কৰা, শালমন আৰোগ্য কৰা, কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰা, ছালৰ বেমাৰ দূৰ কৰা আদিত ষ্টেভিয়াৰ উল্লেখযোগ্য অৱদান আছে। বৰ্তমান বিভিন্ন Online site ত উপলদ্ধ মধুমেহ ৰোগীৰ বাবে প্ৰস্তুত কৰা মিঠাই, কেক, শীতল পানীয় আদিতো ষ্টেডিয়ামৰ ব্যৱহাৰ দিনক দিনে বাঢ়ি অহা দেখা গৈছে। অৱশ্যে এইবোৰ প্ৰস্তুত কৰোঁতে শুকান পাতৰ সলনি ষ্টেভিয়াৰ বগা বৰনৰ গুৰি বিধহে (Processed powder) ব্যৱহাৰ কৰা হয়, যিটোৰ দাম তুলনামূলকভাৱে বেছি।

অসমত ষ্টেভিয়াৰ খেতি

ষ্টেভিয়া হ’ল এবিধ চিৰস্থায়ী(Perennial) উদ্ভিদ। এতিয়ালৈকে ইয়াৰ ২০০ত কৈও অধিক প্ৰজাতি পোৱা গৈছে যদিও ষ্টেভিয়া ৰেবাউডিয়ানা(Stevia Rebaudiana) আৰু ষ্টেভিয়া ফ্লেবোফিল্লা (Stevia Phlebophylla), এই দুই প্ৰজাতিৰ পাতত ষ্টেভিয়ল গ্লাইক’ছাইডৰ পৰিমান বেছি। ইয়াৰ ভিতৰত ভাৰতীয় জলবায়ুৰ লগত খাপ খোৱাকৈ উৎপন্ন কৰিব পৰা প্ৰজাতি সমূহ হ’ল- MDS-১৩, MDS- ১৪, SRB-১২৩(গ্লাইক’ছাইড্ ৯-১২%), SRB-১২৮(গ্লাইক’ছাইড্ ১৪-১৫%), আৰু SRB-৫১২(গ্লাইক’ছাইড্ ৯-১২%)। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো যোৱা কেইবছৰমানৰ পৰা এই খেতি ব্যাপক হাৰত কৰিবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। সাধাৰণতে অসমত মৰিটা-II (Morita-II) প্ৰজাতিৰ খেতিহে ব্যৱসায়িক ভিত্তিত কৰা হয়। ষ্টেভিয়াৰ খেতিৰ বাবে ওখ, পানী জমা নোহোৱা আৰু বালিচহীয়া মাটি উত্তম। পুলি ৰোপন কৰাৰ পৰা প্ৰায় ২ মাহৰ ভিতৰত পুলিবোৰ পুৰঠ হয় আৰু পাতবোৰ সংগ্ৰহ কৰিব পৰা হয়। এবাৰ ৰোৱা পুলিৰ পৰা অন্ততঃ ৬ বছৰলৈ পাত ছিঙিব পাৰি। ব্যৱসায়িক ভিত্তিত উৎপাদন কৰিলে জলসিঞ্চনৰ সুবিধা থাকিলে ভাল। পাচলি নাইবা ফুলখেতিৰ নিচিনাকৈ ইয়াৰ ক্ষেত্ৰতো মাটিৰ আৰ্দ্ৰতা ৬৫-৮৫% বজাই ৰখা উচিত। মাৰ্চ আৰু এপ্ৰিল মাহ হ’ল ষ্টেভিয়া ৰোপনৰ উপযুক্ত সময়। মাটিৰ pH ৫ ৰ পৰা ৭.৫ ৰ ভিতৰত হলে ভাল। গৰম আৰু ৰ’দ বতৰৰ প্ৰয়োজন হয়। বতৰৰ তাপমান ৩০° ৰ পৰা ৩২° ছেলছিয়াছৰ হ’ল উত্তম। নিম্নতম ৫° আৰু উচ্চতম ৪৫° ছেলছিয়াছ তাপমাত্ৰা এই গছে সহ্য কৰিব নোৱাৰে। যিহেতু এইবিধ এবিধ ঔষধি উদ্ভিদ, গতিকে ইয়াৰ খেতিত ৰাসায়নিক সাৰৰ সলনি কেৱল জৈৱিক পদ্ধতিৰে প্ৰস্তুত কৰা, যেনে-গোৱৰ সাৰ, পচন সাৰ, কেচুসাৰ আদিহে পৰাপক্ষত প্ৰয়োগ কৰা উচিত। ষ্টেভিয়াত চেপ্ত’ৰিয়া (Septoria) নামৰ এবিধ শেলুৱৈ জাতীয় ৰোগৰ প্ৰতিৰোধৰ বাবে নিমৰ পানী প্ৰয়োগ কৰা হয়। এজোপা গছৰ উচ্চতা ৪০ ৰ পৰা ৮০ ছে: মি: (সৰ্বোচ্চ এক মিটাৰ) পৰ্য্যন্ত হয়। এখিলা পাত দীঘলে ৫ ছে: মি: আৰু বহলে ২ ছে: মি: মান হয়। গছত ফুল ফুলিলে সেইফুল ছিঙি পেলাব লাগে। প্ৰতি ২ মাহৰ মূৰে মূৰে গছবোৰক মাটিৰ অলপ ওপৰত কাটি পাতবোৰ চপোৱা হয়। সেই ৰৈ যোৱা অংশৰ পৰাই নতুন ঠাল বা পাত ওলাই থাকে। গতিকে প্ৰত্যেক ২ মাহৰ মূৰে মূৰে গছবোৰ কাটিং কৰিব পৰা যায়। পাতবোৰ সংগ্ৰহ কৰি প্ৰাকৃতিক ভাবে শুকোৱা হয় আৰু ইয়াৰ কিছু অংশৰ পৰা প্ৰস্তুত কৰা মিহি গুৰি পেকেজিং কৰি বজাৰত বিক্ৰী কৰা হয়। দুয়োবিধেই মিঠা স্বাদৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ঘৰুৱাভাৱে টাবতো ষ্টভিয়া ৰুব পাৰি। এটা পৰিয়ালৰ বাবে এজোপা বা দুজোপা গছেই যথেষ্ট।

বানিজ্যিক ভিত্তিত এই খেতি কৰিলে এক বিঘা মাটিত প্ৰায় ১৫০০০ পুলি ৰোপন কৰিব পাৰি। একোটা উন্নত প্ৰজাতিৰ পুলি ৩ টকাৰ পৰা ৪ টকাৰ ভিতৰত ক্ৰয় কৰিব পাৰি। গুৱাহাটীৰ অসমীয়া উদ্যোগী যুবক পংকজ কলিতা আৰু নলবাৰীৰ আন এজন উদ্যোগী যুৱক সোনধন ডেকাই বহিৰাজ্যৰ পৰা ক্ৰয় কৰি অনা পুলিৰে অসম, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ, অসমৰ বিভিন্ন ৰাজ্য আনকি বহিঃৰাষ্ট্ৰ ভূটান আৰু নেপালতো ষ্টভিয়া খেতিৰ প্ৰচাৰ আৰু প্ৰসাৰত আগভাগ লোৱা দেখা গৈছে। তেওঁলোকৰ এটি দলে এই খেতিৰ বিষয়ে বিভিন্ন সময়ত ইচ্ছুক থলুৱা খেতিয়ক সকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি বানিজ্যিক ভাবে খেতি কৰাত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ফলত বহুতো থলুৱা কৃষক লাভবানো হৈছে। ডেকাই জনোৱা মতে যোৱা ৯ বছৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰায় তিনিশৰো অধিক খেতিয়ক এই খেতিৰ সৈতে জড়িত হৈ আছে। ভালদৰে প্ৰতিপালন কৰিলে এক বিঘা মাটিৰ পৰা বছৰেকত নিম্নতম ৫০ হাজাৰতকৈ অধিক টকা উপাৰ্জন কৰিব পাৰি। প্ৰথম বছৰত উৎপাদনৰ ব্যয় বেছি হলেও পৰবৰ্ত্তী বছৰবোৰত ব্যয়ৰ পৰিমাণে কমি যায়। গতিকে পিছৰ বছৰবোৰত উপাৰ্জনৰ পৰিমাণ বাঢ়ে। উৎপাদনৰ পিছত পাতবোৰ বিক্ৰী কৰিবলৈ বজাৰৰ অভাৱ নাই। গুৱাহাটীৰ জয়ানগৰ স্থিত Wubitu Eco International Pvt. Ltd. নামৰ কোম্পানীটোৱে খেতিয়ক সকলৰ উৎপাদিত সামগ্ৰী সমূহ উচিত মূলত ক্ৰয় কৰে। ষ্টেভিয়াৰ পুলি আৰু ইয়াৰ খেতিৰ বিষয়ে জানিবলৈ সোনধন ডেকাৰ মবাইল নং ৬০০১৪৬০০৮৪ ত যোগাযোগ কৰিব পাৰে। লগতে ষ্টভিয়াৰ শুকান পাত আৰু চূৰ্ণ ( প্ৰাকৃতিক ভাবে প্ৰস্তুত কৰা) পাবলৈ ওপৰোক্ত ফোন নংত যোগাযোগ কৰিলে কুৰিয়াৰ যোগে পোৱাৰ ব্যৱস্থা আছে। কম পৰিমাণৰ পুলি লাগিলে কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত অৱস্থিত NEDFI ৰ R&D কেন্দ্ৰত যোগাযোগ কৰিব পাৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে বজাৰৰ পৰা ষ্টভিয়া ক্ৰয় কৰোঁতে শুকান পাত বা পাতৰ গুৰিহে ক্ৰয় কৰা উচিত। কাৰন ষ্টেভিয়াৰ প্ৰছেছড্ পাউডাৰ, টেবলেট্ বা তৰল প্ৰকাৰৰ পৰা একেই গুণগত মান আশা কৰিব নোৱাৰি।

ষ্টভিয়া হাৰ্বেল চাহৰ প্ৰস্তুতি

প্ৰায় ২০০ মি:লি: পানীত ১ চাহচামুচ বা ৫-৬ টা মান ষ্টভিয়াৰ শুকান পাত যোগ কৰি প্ৰায় ৩-৪ মিনিট মান উতলাব লাগে। নিজৰ স্বাদ অনুসৰি ইয়াত আদা, নেমু, পদিনা বা গাখীৰ যোগ কৰি ষ্টভিয়া হাৰ্বেল চাহ প্ৰস্তুত কৰিব পাৰি।

ইয়াৰ উপৰিও ১ লিটাৰ পানীত প্ৰায় ৩০- ৪০টা শুকান পাত যোগ কৰি উতলাই পানীৰ পৰিমাণ আধালৈ কমাই ছেকিলৈ বটলত ভৰাই ফ্ৰিজত সংৰক্ষণ কৰি ৰাখিলে জলপান বা অন্যান্য খাদ্য বস্তুৰ সৈতে চেনীৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।

9 views0 comments

Recent Posts

See All

Stevia

STEVIA CULTIVATION Author: Pankaj Kalita Organization: Organic Innovation, Guwahati Phone: 9085578408 organicinnovationassam.blogspot.co...

Commentaires


bottom of page